ৰহাত ভয়ংকৰ পথ দুৰ্ঘটনা

 09/16/2019 - 11:11

ৰহাঃ ৰহাৰ নামগাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় পথত শনিবাৰে নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা।  যোৰহাটৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এচ0১ কেচি৮৯৮১ নম্বৰৰ ট্ৰাকখনে পাছফালৰ পৰা খুন্দা মাৰে এচ0১ডিডি৮৪৪১ নম্বৰৰ অন্য এখন পথৰ ওপৰত ৰখাই থোৱা ট্ৰাকত।  দূৰ্ঘটনাটোত নিহত হৈছে দুজন।  নিহত দুজন দুৰ্ঘটনাগ্ৰস্থ ট্ৰাকখনৰ চালক আৰু হেন্দিমেন বুলি জানিব পৰা গৈছে।  নিহত চালকজনৰ নাম চৰকাৰ আলী। পৰিচয় উদ্ধাৰ হোৱা নাই হেন্দিমেনজনৰ। যান্ত্ৰিক বিজুতিৰ বাবে ৩৭নং ৰাষ্ট্ৰীয় পথৰ ওপৰতে ৰখাই থোৱা আছিল এচ 0১ ডি ডি৮৪৪১ নম্বৰৰ ট্ৰাকখন।  দুৰ্ঘটনাৰ খবৰ পাই ৰহা আৰক্ষীয়ে দুয়োকে মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰি নগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।