আছু-এবিভিপিৰ মাজত তীব্ৰ সংঘাত

 09/16/2019 - 12:09

মিৰ্জাঃ ৰাজ্যৰ বিভিন্ন ঠাইত আছু-এবিভিপিৰ মাজত সংঘাত চলি থকাৰ মাজতেই দক্ষিণ কামৰূপৰ বকোত সংঘটিত হৈছে মাৰপিটৰ ঘটনা। বৃহস্পতিবাৰে ৰাতিপুৱা প্ৰায় ১১বজাত বকোথানাৰ সন্মুখত ভাৰতীয় জনতা যুৱমৰ্চাৰ সম্পাদক কুশল বৰাক দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক অজিত আলী, কামৰূপ জিলা ছাত্ৰসন্থাৰ প্ৰাক্তন প্ৰচাৰ সম্পাদক ধনঞ্জয় মেধী আৰু গুৱাহাটী মহকুমা ছাত্ৰসন্থাৰ সভাপতি পবন কলিতাই মাৰধৰ কৰে। কুশল বৰাই ৰাস্তাৰে আহি থকাৰ সময়তে আছুৰ সদস্য কেইজনে বাইক ৰখায় কুশল বৰাক উপৰ্যুপৰি মাৰধৰ কৰি ডিঙিৰ চেইন কাঢ়ি লৈ যায়। কুশল বৰাই আছুৰ সদস্য কেইজনৰ বিৰুদ্ধে বকোথানাত এখন এজাহাৰ দাখিল কৰে। উক্ত ঘটনাটোক ধিক্কাৰ জনোৱাৰ লগতে দোষীক অতি সোনকালে কৰায়ত্ত কৰাৰ দাবী উত্থাপন কৰে ভাৰতীয় জনতা যুৱমৰ্চাৰ বিষয়ববীয়াসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।