প্ৰায় ২৬বছৰে প্ৰাদেশিকীকৰণৰ মুখ নেদেখা এখন মহাবিদ্যালয়

 09/16/2019 - 12:12

মিৰ্জাঃ চিলেক্টচন লিষ্টত কেইবাবাৰো নাম অহাৰ পিছতো বৰ্তমানলৈ প্ৰাদেশিকীকৰণ নোহোৱা এখন শিক্ষানুষ্ঠান। পলাশবাৰী সমষ্টিৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান অমৃত চন্দ্ৰ ঠাকুৰীয়া জুনিয়ৰ কমাৰ্চ কলেজ নামৰ শিক্ষানুষ্ঠান খনৰ প্ৰায় ২৬টা বছৰ পাৰ হৈ গ'ল কিন্তু বৰ্তমানেও প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত শিক্ষানুষ্ঠান খন।

শিক্ষক-শিক্ষয়িত্ৰী সকলৰ মন্তব্য যে প্ৰাদেশিকীকৰণৰ নামত ভেকো-ভাওনাহে কৰি আছে অসম চৰকাৰে, প্ৰাদেশিকীকৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাছতো কোনো ধৰণৰ ফলাফল পৰিলক্ষিত হোৱা নাই। যাৰ ফলত শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে ছাত্ৰ-ছাত্ৰী সকলেও বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। ৰাজ্য চৰকাৰে বাজেট অধিৱেশনৰ সময়ত প্ৰায় ৩০৪ খন ভেন্সাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল। ইয়াৰে মাজত ১০৪ খন আছিল জুনিয়ৰ কলেজ, ১১০ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ৯১ খন আছিল উচ্চ মাধ্যমিক বিদ্যালয়। কিন্ত বৰ্তমান সময়ত এই প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়ে হৈ থাকিল।

সেয়ে এই শিক্ষানুষ্ঠান খনৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ আহ্বান শিক্ষা মন্ত্ৰী তথা অসম চৰকাৰলৈ অতি শীঘ্ৰে এই শিক্ষানুষ্ঠান খন প্ৰাদেশিকীকৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰে যেন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।