কলিয়াবৰৰ বৰঘুলিত আমছুৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনাৰ বিশাল সজাগত সভা অনুষ্ঠিত

 09/16/2019 - 12:44

কলিয়াবৰঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ(আমচু)কলিয়াবৰ জিলা সমিতি বৰঘুলী আঞ্চলিক আমছুৰ উদ্যোগত কৃতী ছাত্র-ছাত্ৰী সকলক সম্বৰ্ধনা সজাগতা সভা অনুষ্ঠিত হয়। বৰঘুলি অঞ্চললৈ সুখ্যাতিৰে উত্তীৰ্ণহৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ লগতে শিক্ষাৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে আমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে।

সমাজৰ কু-সংস্কাৰ, মদ-ভাং-জুৱা, বাল্য বিবাহ বিভিন্ন দুৰ্নীতিৰ ওপৰত এক বিশেষ সজাগতাৰ সৃষ্টি কৰে। সভাখনৰ শেষত আমছুৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসে এন আৰ চি সন্দৰ্ভত মন্তব্য কৰি কয় যে চূড়ান্ত এন আৰ চিৰ তালিকা প্ৰকাশ পোৱোৰ পিছত বৈধ নথি-পত্ৰ থকা মানুহৰ নাম বাদ পৰা সকলৰ বাবে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে আমছুৱে অসম চৰকাৰ তথা মহামান্য উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হ’ব। উল্লেখ্য যে বৃহত্তৰ বৰঘুলি অঞ্চলখন গৰাখহনীয়াগ্ৰস্ত এখন অঞ্চল।

চৰকাৰে গৰাখহনীয়াৰ নামত লাখ-লাখ টকা আবণ্টন দিয়াৰ পিছতো নিজ গৃহ সমষ্টিৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে ব্যৰ্থ হোৱা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তক তুলা ধুনা দিয়ে আমছুৰ বিষয় ববীয়াই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।