বৰপথাৰত ডকাইতি কাণ্ড

 09/16/2019 - 12:55

সৰুপথাৰঃ গোলাঘাট জিলাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তর্গত ৰতনপুৰ গাঁওত বৰপথাৰ-জামুগুৰি সংযোগী পথত সংঘটিত হোৱা এক ডকাইতি কাণ্ডই সমগ্র অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এইবাৰ ডকাইতৰ ৰূপত এটা ছাত্র সংগঠনৰ ছাত্রনেতা। মঙলবাৰে নিশা প্ৰায় ১০মান বজাত চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰৰ পৰা বৰপথাৰ জামুগুৰি সংযোগী পথেৰে গোলাঘাট যাবলৈ অহা এখন বলেৰ' পিকআপ গাড়ী আগচি ধৰে এটি ছয়জনীয়া যুৱকৰ দলে। দলটোৰ নেতৃত্ব দিছিল বিলগাঁও আঞ্চলিক চুতীয়া ছাত্ৰসন্থাৰ দুজন নেতা ক্ৰমে পাপু শইকীয়া আৰু সীমান্ত বৰাই। সীমান্ত বৰা বিলগাঁও আঞ্চলিক চুতীয়া ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক আৰু পাপু শইকীয়া সহকাৰী সম্পাদক। সীমান্ত বৰা আৰু পাপু শইকীয়াৰ নেতৃত্বত যোৱা দলটোৱে গাড়ী ৰখাই চালকক ২০,০০০(বিশ হাজাৰ) টকা দাবী কৰে। দাবী কৰা ধন দিব নোৱৰাত চালকক মাৰ-পিট কৰি তেওঁৰ লগত থকা ৮০টকা পকেটৰ পৰা কাঢ়ি লয়। ইমানতে ক্ষান্ত নাথাকি গাড়ী চালকক গাড়ীত কি বস্তু আছে সোধে আৰু ভয়তে কমলা পাচন(K.P.)ৰ পেকেট আছে বুলি ধনদাবী কৰা দলটোক জনায় চালকে। তাৰ পিছত বলপূর্বক ভাবে নিশাই গাড়ী খনত থকা কেপিৰ পেকেট সমূহ এডোখৰ আছুতীয়া ঠাইত নমাই গাড়ীখন যাবলৈ দিয়ে। আনহাতে চালকে ঘটনা সম্পর্কে মালিকক অৱগত কৰাত, মালিকে এই ডকাইতি কাণ্ডত ছাত্রনেতা কেইজন জড়িত থকাৰ অভিযোগত বৰপথাৰ আৰক্ষী থানাত এটা গোচৰ দিয়ে। আৰক্ষীয়ে সেই গোচৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰি ঘটনাৰ লগত জড়িত প্ৰহ্লাদ শইকীয়া আৰু ধ্ৰুৱজ্যোতি শইকীয়া নামৰ বিলগাঁও আঞ্চলিক চুতীয়া ছাত্ৰসন্থাৰ সদস্য দুজনক কৰায়ত্ব কৰাৰ লগতে কেপিৰ পেকেট সমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। উদ্ধাৰ হোৱা কেপি খিনিৰ মূল্য প্রায় ৮৪,০০০ টকা হ’ব বুলি জনায় তদন্তকাৰী আৰক্ষী বিষয়াই। ঘটনাৰ লগত জড়িত মাষ্টাৰমাইণ্ড পাপু শইকীয়া, সাধাৰণ সম্পাদক সীমান্ত বৰা, কুলদীপ বৰা আৰু সূৰ্য তালুকদাৰ এতিয়াও পলাতক। বলপূর্বক ধনদাবী আৰু বস্তু হৰলুকিত জড়িত এই দলটোৱে জাতীয় সংগঠন আছু আৰু সাংবাদিকক বদনাম কৰিবৰ দুয়োটা সংগঠনৰ নামলৈ ভাবুকি প্রদান কৰিছিল চালকক। ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত বৰপথাৰ আৰক্ষীয়ে ৰতনপুৰ গাঁওৰ বিতুল দাস ওৰফে দ্বীপ জ্যোতি দাস নামৰ ১৭ বছৰীয়া ছাত্রজনক আৰক্ষীয়ে আটক কৰিছিল যদিও ছাত্রজন এই ঘটনাৰ লগত জড়িত নহয় বুলি আৰক্ষীয়ে জনায়। বিতুল দাস এই ডকাইতি কাণ্ডত জড়িত নহয় বুলি জানিও বৰপথাৰ আৰক্ষীয়ে ছাত্রজনক মাৰপিট কৰি আজি পাঁচদিনে বৰপথাৰ আৰক্ষী থানাৰ লকাপত সোমোৱাই থোৱাত শনিবাৰে বৰপথাৰ আৰক্ষীথানা ঘেৰাও কৰে। ৰতনপুৰ কৈৱৰ্তগাঁৱৰ অৰ্ধশতাধিক পুৰুষ মহিলাই। শীঘ্রে বৰপথাৰ আৰক্ষীয়ে বিতুল দাসক মুক্তি নিদিলে বৰপথাৰ আৰক্ষী থানাত ইয়াতকৈও জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।