তিনিচুকীয়াত ছিণ্ডিকেটক লৈ যুৱ কংগ্ৰেছৰ সংবাদ মেল

 09/16/2019 - 13:16

তিনিচুকীয়াঃ দেওবাৰে তিনিচুকীয়াত অৱস্থিত কংগ্ৰেছ ভৱনত অসম যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কামৰুল ইছলাম চৌধুৰীৰ উপস্থিতিত সমগ্ৰ অসমৰ লগতে তিনিচুকীয়া জিলাত কাঠ, কয়লাকে আদি কৰি বনজ সম্পদসমূহৰ যি অবাধ গতিত ধ্বংসৰাজ চলি আছে তাত শাসিত চৰকাৰ হস্তক্ষেপ থকাৰ দাবী কৰি এখন সংবাদ মেলৰ আয়োজন কৰে৷ সংবাদ মেলত তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ সভাপতি শিৱনাথ চুতীয়াকে আদি কৰি জিলাখনৰ ভালেসংখ্যক যুৱ কংগ্ৰেছকৰ্মী উপস্থিত থাকে৷ সংবাদমেলত জিলাখনত কয়লা, কাঠকে আদি কৰি বনজ সম্পদসমূহৰ যি অবৈধ বেহা চলি আছে তাত শাসিত চৰকাৰৰ বিধায়কসকলৰ হস্তক্ষেপত চলি থকাৰ অভিযোগ কৰিছে৷ যিমান অবৈধ বেহা তিনিচুকীয়াৰ মাজেৰে পাৰ হৈ যায়, সকলো পথতেই আৰক্ষীৰ নিয়মীয়া তালাচী বহে কিন্ত আৰক্ষীৰ নাকৰ তলেৰে পাৰ হৈ যায় চোৰাং কাঠ আৰু কয়লা। চৰকাৰ আৰু প্ৰশাসনে যদি এনে অবৈধ বেহা বন্ধ কৰিব নোৱাৰে, তেন্তে যুৱ কংগ্ৰেছে অভিযান চলাই আৰক্ষীত অৰ্পণ কৰিব বুলি জানিব দিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।