ৰামপুৰ সত্ৰ আঞ্চলিক সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান আৰু সজাগতা সভা

 09/16/2019 - 13:48

ৰামপুৰঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন(আমছু)নগাঁও জিলা সমিতিৰ অন্তর্গত নৱ গঠিত ৰামপুৰ সত্ৰ আঞ্চলিক সমিতিৰ শপত গ্ৰহণ আৰু সজাগতা সভাখন ৰামপুৰ চলাপথাৰ নবোদয় জাতীয় বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয়। দেওবাৰে বিয়লি ৩বজাত অনুষ্টিত হোৱা সভাখনত সভাপতিত্ব কৰে নগাঁও জিলা সমিতিৰ সভাপতি আব্দুৰ ৰহিমে।

সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আমছুৰ কেন্দ্ৰীয় কমিটিৰ উপ-সভাপতি মনোৱাৰ হুছেইনে কয় যে "বৰ্তমান শিক্ষাৰ অভাৱৰ ফলতেই বিশেষকৈ গ্ৰাম্য অঞ্চলত বাল্য বিবাহৰ লগতে অসমাজিক কাৰ্যকলাপ দিনক দিনে বাঢ়ি আহিছে। সেয়েহে ৰাইজ সজাক হ’লে সমাজও সজাগ হব।" তেওঁ লগতে আৰু কয় বৰ্তমান সময়ত এন আৰ চিৰ পৰা বাদ পৰা প্ৰতিজন ভাৰতীয় নাগৰিকক তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে অঞ্চলৰ একো একোজন জনা শুনা ব্যক্তিৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনায়।"

সভাৰ আৰম্ভণিতে ৰামপুৰ আঞ্চলিক সমিতিৰ নৱ গঠিত সদস্য সকলক শপত বাক্য পাঠ কৰায় জিলা সভাপতিয়ে। সভাখনত অঞ্চলটোৰ পাঁচ শতাধিক লোক উপস্থিত আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।