নগাঁৱত কংগ্ৰেছৰ ঐতিহাসিক বাছ যাত্ৰাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

 09/16/2019 - 15:12

নগাঁওঃ নগাঁৱত কংগ্ৰেছৰ ঐতিহাসিক বাছ যাত্ৰাত অংশ ল'লে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। হোজাইৰ পৰা ঘূৰি অহা দলটোক নগাঁৱত সংগদান কৰি ৰূপহী অভিমুখে একেখন বাছতে ৰাওনা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী। এন আৰ চিত নাম বাদ পৰা ভাৰতীয় নাগৰিক সকলৰ সৈতে এক মত বিনিময়ৰ অনুষ্ঠানত অংশ ল'বৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইন, নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈকে আদি কৰি বিভিন্ন নেতা-কৰ্মীৰ সৈতে একেলগে ৰূপহী অভিমুখে ৰাওনা হয় তৰুণ গগৈ। ৰূপহী যাত্ৰাৰ প্ৰাকমূহুৰ্তত নগাঁৱত সংবাদ মাধ্যমৰ আগত বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।