অসমৰ দ্বিতীয় শুৱালকুছি এতিয়া সংকটত

 09/16/2019 - 16:16

কামৰূপঃ  অসমৰ দ্বিতীয় শুৱালকুছি ৰূপে খ্যাত অঞ্চলটো এতিয়া সংকটৰ গৰাহত পৰিছে। এটা বৃহৎ উদ্যোগলৈ দুৰ্দশা নামি অহাৰ পিছতো হাত সাবটি বহি আছে ৰাজ্য চৰকাৰে। অসমৰ থলুৱা বস্ত্ৰ উদ্যোগক চহকী কৰি ৰখা নগাওঁ জিলাৰ গৰুবাট মৌজাৰ বৃহৎ কচুৱা অঞ্চলত এতিয়া সকলোৰে মুখত কেবল হতাশাহে। যিখিনি সময়ত বহিঃৰাজ্যৰ গামোচাৰ অসমীয়াৰ অস্তিত্বৰ প্ৰতীক গামোচাখনলৈ সংকট নমাই আনিছে তেনে সময়ত কচুৱা, গেৰজাইপাম পঞ্চায়তৰ হাজাৰ হাজাৰ লোকে মাটিশালত থলুৱা গামোচা প্ৰস্তুত কৰি অসমৰ বজাৰ দখল কৰিছে। অকল গামোচা অসমৰ জাতি-জনগোষ্ঠীৰ মহিলা সকলে পৰিধান কৰা সাজ; চাদৰ মেখেলা প্ৰস্তুত কৰি নিজৰ পেটৰ ভাত মোকলাই আহিছে।

বহিঃৰাজ্যৰ পৰা আমদানি কৃতবস্ত্ৰ লগতে অতি দুখীয়া লোক সকলৰ আন্তঃগাঠনি উন্নয়ন নোহোৱাৰ বাবে এই লোক সকলক গভীৰ সংকটত পৰিছে। চৰকাৰক বাৰে বাৰে অনুৰোধ কৰিও কোনো সুফল পোৱা নাই লোক সকলে। বৰ্তমান পৰিৰ্ৱতনৰ শ্লোগান দিয়া সৰ্বানন্দ সোনোৱাল চৰকাৰে এনে লোক সলকৰ পৰিৰ্ৱতন কৰিলেহে দেশ তথা ৰাজ্যৰ প্ৰকৃত পৰিৰ্বতন হ’ব। বস্ত্ৰ উদ্যোগৰ লগত জড়িত লোক সকলে তেওঁলোকৰ প্ৰতি চৰকাৰে দৃষ্টি দিবৰ বাবে দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।