পখিলা খেদা বয়সতে মৃত্যুৰ সৈতে যুঁজিছে এটি কণমানিয়ে

 09/16/2019 - 16:22

অভয়াপুৰী: হাতত কিতাপ-কলম লৈ বিদ্যালয়ত সমনীয়াৰ সতে উমলি-জামলি পঢ়া শুনাত মগ্ন হ’ব লগা সময়তে মৃত্যুৰ সৈতে যুঁজিছে ১০ বছৰীয়া শ্বাহজামাল ইছলামে। ঠেলাচেমিনা নামৰ ভয়াবহ বেমাৰৰ চিকাৰ হৈ জীয়াই থাকিবলৈ বাধ্য হৈছে অভয়াপুৰীৰ নিকটৱৰ্তী ভাদাইপাৰা গাঁৱৰ আদ্বুল ছাত্তাৰ নামৰ লোকজনৰ পুত্ৰ শ্বাহজামাল ইছলাম। পখিলা খেদা বয়সত ঠেলাচেমিনা বেমাৰত আক্ৰান্ত হৈ থকা শ্বাহজামালে নিজৰ বাঢ়ি অহা অস্বাভাৱিক পেটটোৰ কাৰণে এতিয়া বহি থাকিব নোৱাৰে। শীতৰ দিনত ল'ব নোৱাৰে গৰম কাপোৰ আৰু গৰম দিনতো ফেনৰ বতাহ নহ'লে এক মিনিট সময়ও কটাব নোৱাৰে। শ্বাহজামাল পিতৃ কোনো ৰকমে জীৱিকা নিৰ্বাহ কৰি যোৱা এজন দুখীয়া লোক। নিজৰ দৰিদ্ৰতাক নেওচি তেওঁ বঙাইগাঁও, গোৱালপাৰা, গুৱাহাটীত থকা বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰে যদিও এতিয়ালৈ শ্বাহজামাল আৰোগ্য হোৱা নাই। অসুস্থ শ্বাহজামাল আৰু তেওঁৰ পৰিয়ালে চৰকাৰ, প্ৰশাসন আৰু ৰাইজৰ পৰা সহায় বিচাৰিছে উন্নত চিকিৎসাৰ বাবে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।