গোগামুখ বালিগাঁও বৰনামঘৰৰ সোণালী জয়ন্তী উদযাপন

 09/16/2019 - 16:43

গোগামুখঃ গোগামুখ চাউলধোৱা বালিগাঁও বৰনামঘৰৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে ভাগৱত শনিবাৰৰ পৰা আৰম্ভ হৈছে শ্ৰীমদভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান। ভাগৱতৰ ৰস শুনিবলৈ বিভিন্ন ঠাইৰ ভক্তসকলৰ সমাগম ঘটিছে বৰনামঘৰলৈ। ১৯৭০ চনত স্থাপিত হোৱা বৰনামঘৰ চলিত বৰ্ষত সোণালী পৃষ্ঠা গৰকিলে। তদুপলক্ষে বৰনামঘৰ পৰিচালনা সমিতিৰ লগতে বালিগাঁওবাসী ভক্তপ্ৰাণ ৰাইজে শনিবাৰৰ পৰা তিনিদিনিয়াকৈ চাউলধোঁৱা বালিগাঁও ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আয়োজন কৰে।

শনিবাৰে অৰ্থাৎ প্ৰথম দিনাৰ কাৰ্যসূচীত বৈষ্ণব পণ্ডিত জগত বনিয়াৰ দ্বাৰা ভাগৱত পাঠ কৰাৰ লগতে ব্যখ্যা কৰা হয়। দ্বিতীয় দিনা দেওবাৰে অসম বিখ্যাত শিশু গৌৰাংগ চুতিয়াই ভাগৱত পাঠ কৰে আৰু ব্যাখ্যা কৰে দিলীপ হাজৰীকাই। অনুষ্ঠানটিত শ শ ভক্তৰ সমাগমে সোণালী পৃষ্ঠাত ভক্তি ৰসত ম্লান হৈ সোণালী ইতিহাসৰ ৰচনা কৰেl

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।