হাউলীৰ ডঃ দেৱান নজৰুল কাদিৰক ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰেষ্ঠ শিক্ষকৰ সন্মান

 09/16/2019 - 17:27

হাউলীঃ বৰপেটা জিলাৰ জালাহৰ বিবি কিষাণ কলেজৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক। হাউলীৰ ছাবলাইম একাডেমিৰ সঞ্চালক তথা হাউলী চাৰিনং ওৱাৰ্ডৰ আয়েন মণ্ডলৰোডৰ বাসিন্দা ডঃ দেৱান নজৰুল কাদিৰক গোৱাৰ এক প্ৰতিষ্ঠানে দেশৰ শ্ৰেষ্ঠ শিক্ষকৰ সন্মান প্ৰদান কৰে। মহাৰাষ্ট্ৰৰ ফাউণ্ডেচন অফ ইণ্ডিয়া নামৰ এক ৰাষ্ট্রীয় পৰ্যায়ৰ সংগঠনে দেওবাৰে পানাজীৰ অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেখেতক সম্বৰ্ধনা জনায়। দেৱানে শ্ৰেষ্ঠ শিক্ষকৰ সন্মান লাভ কৰি জিলা খনৰ লগতে হাউলী অঞ্চলৈ গৌৰৱ কঢ়িয়াই আনে|

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।