বঙাইগাঁৱত ভয়াবহ পথ দূৰ্ঘটনা

 09/16/2019 - 17:43

বঙাইগাঁওঃ বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰবিলাত নিশা ভয়াবহ দূৰ্ঘটনাত এজন কনিষ্টবল থিতাতে নিহত আৰু এজন আহত হয়। নিশা TS 08-UB 7329 নং গাড়ী দূৰ্ঘটনা গ্ৰস্ত হয়। তীব্ৰ বেগী RJ. 04 GB. 8069 নং চুপাৰী ভৰ্তি ট্ৰাকে খুন্দিয়াৰ ফলত ৰমিজ উদ্দিন নামৰ কনিষ্টবলৰ মৃত্যু হয় আৰু কৃষ্টৰাম নাথ আহত হয়। হাউলীৰ পৰা ছাউথ কৰ্ণাটকালৈ গৈ থকা অৱস্থাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত মাণিকপুৰৰ বৰবিলাত দূৰ্ঘটনা সংগঠিত কৰে। ট্ৰাকখনত প্ৰায় ৫শ বেগ চুপাৰী আছিল। ট্ৰাকখনত অবৈধ চুপাৰী আছিল বুলি সন্দেহ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।