চলন্ত ৰেল'ৰ পৰা ৰঙিয়াৰ যুৱক সন্ধানহীন

 09/16/2019 - 18:04

ৰঙিয়াঃ পশ্চিম বংগৰ হাওৰা ষ্টেচনৰ পৰা সন্ধানহীন ৰঙিয়া তুলসীবাৰীৰ চাহজাহান আলী নামৰ যুৱকজন। চেন্নাইৰ পৰা গুৱাহাটী অভিমুখী ৰেলৰ পৰা সন্ধানহীন এই যুৱকজন। তিনিদিন পূৰ্বে বিপদত পৰা বুলি ফোনত জনাইছিল যুৱকজনে। আৰু তেতিয়াৰ পৰা ফোন অফহৈ আছে চাহজাহানৰ। কোনো দুষ্ট চক্ৰৰ কবলত পৰাৰ সন্দেহ কৰিছে পৰিয়াল তথা ওচৰ চুবুৰীয়াই। পৰিয়ালটোৱে স্থানীয় তুলসীবাৰী আৰক্ষীৰ সহায় বিচাৰিছিল যদিও আৰক্ষীয়ে সহায় নকৰাৰ অভিযোগ পৰিয়ালৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।