বিশ্বনাথত দলং নিৰ্মানৰ নামত ভেকো-ভাওনা

 09/16/2019 - 18:25

বিশ্বনাথঃ বিশ্বনাথত দলং নিৰ্মানৰ নামত পলসনি আৰু কুৰুআতি গাৱৰ ৰাইজক ৰাম ঠগন ৰাজ্য সভাৰ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ। ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়লৈ বিপদ সংকুল যাত্ৰা কৰাৰ বাতৰি বিয়পি পৰাৰ লগে লগেই অঞ্চলটোত দলং নিৰ্মাণৰ কথা ঘোষনা কৰিছিল। বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই৷ প্ৰমোদ বৰঠাকুৰে ঘোষণা কৰা দলং উদ্বোধন কৰিছে বিধায়ক গৰাকীয়ে। বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাৰ নেতৃত্বত এই দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘূ ছাত্ৰসন্থা, অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ লগতে স্থানীয় ৰাইজৰ৷ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই বাছনি কৰা কংগ্ৰেছ কৰ্মীৰ দ্বাৰা গঠন কৰা হৈছিল দলং নিৰ্মানৰ সমিতি৷ দলংখন নিৰ্মান কৰিবলৈ গঠন কৰা নিৰ্মান সমিতিৰ সভাপতি জিলা কংগ্ৰেছৰ উপসভাপতি নিত্য নাৰ্জাৰী আৰু সম্পাদক টংকেশ্বৰ গুৱালা৷ নিজৰ পচন্দৰ মানুহৰ দ্বাৰা সমিতি গঠন কৰি দিলীপ বৰুৱাই সমগ্ৰ কামটো নিজৰ ইচ্ছা মতে কৰাৰ অভিযোগ সংগঠনটোৰ৷
আনহাতে ২০ লাখ টকা ধাৰ্য্য কৰা দলংখন সম্পূৰ্ণ কৰিবলৈ নিৰ্মান সমিতিয়ে মাত্ৰ ৭ লাখ টকাৰে মিস্ত্ৰীক সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে৷ কাঠেৰে নিৰ্মাণ কৰা দলংখনত শিমলু, ভেলু, চামকঠাল আদি নিম্নমানৰ কাঠ ব্যৱহাৰ কৰা হৈছে৷ খুটাৰ নামত লগোৱা হৈছে গছৰ ডাল৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।