নগাঁৱত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বৃত্তিৰ নামত বৃহৎ কেলেংকাৰী।

 09/16/2019 - 19:12

নগাঁওঃ সংখ্যালঘু ছাত্ৰৰ বৃত্তিৰ নামত নগাঁৱত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী৷ দুখীয়া কণ কণ ছাত্ৰ-ছাত্ৰীৰ নামত অহা ধন আত্মসাৎ কৰিছে নগাঁৱৰ এক দুষ্ট চক্ৰই৷ সোমবাৰে এক সংবাদমেলত এই তথ্য প্ৰকাশ কৰিছে নগাঁও জিলা আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে৷ নগাঁৱৰ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা মতে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰা দুষ্ট চক্ৰটোৰ লগত জড়িত এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে দুজন বৰ্তমানেও পলাতক৷

ধৃত জুৰীয়াৰ সোনাইপাৰৰ শ্বাহজাহান আলি নামৰ প্ৰৱঞ্চকটোৰ পৰা সংখ্যালঘু বৃত্তিৰ ধন সোমোৱা ২৫০০ টা ভুৱা বেংক একাউণ্টৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে৷ নগাঁৱৰ এই দুষ্ট চক্ৰটোয়ে বিশেষকৈ নগাঁৱৰ জুৰীয়া,ধিং,কামপুৰ অঞ্চলত অসম গ্ৰামীণ বিকাশ বেংক আৰু ইউবিআই বেংকৰ চিএচপি ৰ জৰিয়তে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন লুন্ঠন কৰিছিল৷

নগাঁও জিলাৰ উপৰি শিৱসাগৰ,ডিব্ৰুগড়,কাৰ্বিআংলং আদি জিলাৰ সংখ্যালঘু বৃত্তিৰ ধন লুন্ঠন কৰাৰ তথ্যও লাভ কৰিছে নগাঁও আৰক্ষীয়ে৷ যাৰবাবে এই সন্দৰ্ভত এক অধিক তদন্তৰ বাবে এটা বিশেষ আৰক্ষীৰ দল গঠন কৰা বুলি প্ৰকাশ কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক গৰাকীয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।