জি আই এম টিৰ তেজপুৰত শক্তি খণ্ডত সংৰক্ষণ আৰু হিচাপ পৰীক্ষণ বিষয়ক কৰ্মশালা অনুষ্ঠিত

 09/16/2019 - 19:19

তেজপুৰ: তেজপুৰত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন'লজী চমুকৈ জি আই এম টি, তেজপুৰত ১৬ ছেপ্টেম্বৰ তাৰিখে 'শক্তি খণ্ডত সংৰক্ষণ আৰু হিচাপ পৰীক্ষণ' বিষয়ক কৰ্মশালা অনুষ্ঠিত কৰা হয়। কৰ্মশালাখিনি মহাবিদ্যালয়ৰ বৈদ্যুতিক অভিযান্ত্ৰীক বিভাগৰ তৰফৰ পৰা অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সহযোগত অনুষ্ঠিত কৰা হৈছিল। সহকাৰী অধ্যাপিকা প্লাৱিতা বৰুৱাই আঁত ধৰা কৰ্মশালাখিনিত অংশগ্ৰহণ কৰা ৰাষ্ট্ৰীয় শক্তি প্ৰশিক্ষণ প্ৰতিষ্ঠান, গুৱাহাটীৰ মুখ্য কাৰ্য্যবাহী অধ্যক্ষ সঞ্জয় ভি মালপেক এখন ফুলাম গামোচা আৰু এটা স্মাৰক সহ আদৰণি জনায় মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁইয়ে। শক্তি সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ লগতে শক্তি খণ্ডৰ হিচাপ পৰীক্ষণ সম্পৰ্কত তেওঁ বিশেষ ব্যাখ্যা আগবঢ়ায়। ভাষণৰ শেষত ছাত্ৰ-ছাত্ৰীৰ সৈতে মতবিনিময় কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।