নগাঁৱৰ জামুগুৰিত অসম ভিত্তিত দিবা-নৈশ ভলীবল প্ৰতিযোগিতা

 09/16/2019 - 19:21

নগাঁওঃ নগাঁও জিলাৰ জামুগুৰি নৱোদয় ক্লাৱৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হোৱা অসম ভিত্তিত দিবা-নৈশ প্ৰাইজমানী ভলীবল প্ৰতিযোগিতাত জামুগুৰি নৱোদয় ক্লাৱে চুড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে। জামুগুৰি কে এন ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিত হোৱা দিবা -নৈশ ভলীবল প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মুঠ ৮ টি দলে অংশ গ্ৰহণ কৰে।

বিজেপিৰ কলিয়াবৰ জিলা সমিতিৰ সভাপতি অনিল শইকীয়াই শুভ উদ্বোধনী কৰা ভলীবল প্ৰতিযোগিতাত জামুগুৰি নৱোদয় ক্লাৱে ধিংগাওঁ মগবলীয়া ভলীবল ক্লাৱক ২৫-১৯ আৰু ২৫-২১ ছেটত পৰাস্ত কৰি জামুগুৰি নৱোদয় ক্লাৱে চুড়ান্ত বিজয়ীৰ খিতাপ দখল কৰে। বটাঁ বিতৰণৰ অনুষ্ঠানত খেল পৰিচালনা সমিতিৰ সভাপতি আব্দুল বাৰিক, সম্পাদক নুৰুজ্জামান, সাংবাদিক মাজিদুল ইছলামৰ লগতে পৰিচালনা সমিতিৰ বহু কেইজন বিষয়ববীয়া উপস্থিত আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।