নগাঁৱৰ এগৰাকী আৰক্ষী জোৱানৰ নিপুণ হাতৰ পৰশত প্ৰাণ পাই উঠিছে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালৰ মূৰ্তি

 09/16/2019 - 19:31

নগাঁওঃ এগৰাকী ব্যতিক্রমী আৰক্ষী জোৱান নাম ঋষিকেশ বৰা। বন্দুক,বাৰুদৰ লগত নিতৌ খেলা কৰা আৰক্ষী জোৱানে নিজ প্ৰতিভাৰে দেখুৱালে শিল্প কলাৰ এক সুন্দৰ নিদৰ্শন। নিজৰ দ্বায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰাৰ লগতে আজৰি সময়তো যেন সৎ ব্যৱহাৰ কৰিছে জোৱান জনে। ব্যস্ততাৰে ভৰা আৰক্ষী চাকৰি মাজতো কাঠত শিল্প ভাস্কৰ্য্য খোদিত কৰি এটাৰ পিছত এটাকৈ প্ৰস্তুত কৰিছেসোনোৱালৰ মূৰ্তি।

নগাঁৱৰ কঠিয়াতলীৰ বিলছাআটি গাঁৱৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত ভাষ্কৰ্য শিল্পী জিতেন কুমাৰ বৰাৰ জেষ্ঠ পুত্ৰ ঋষিকেশ বৰা নামৰ বটদ্ৰৱা আৰক্ষী থানাৰ জোৱান জনৰ এই শিল্প সাধনাই অসম আৰক্ষীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উল্লেখ্য যে জোৱান জনৰ পিতৃয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি প্ৰধান মন্ত্ৰীৰ জন্ম দিনত প্ৰধান মন্ত্ৰীক উপহাৰ দিছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।