বেদখলৰ কবলত পৰি অস্তিত্ব হীন হৈ পৰিছে এখন চৰকাৰী ৰিজাৰ্ভৰ

 09/16/2019 - 19:54

বৰপেটাঃ চৰকাৰী ৰিজাৰ্ভত এতিয়া সাগৰ সদৃশ পুখুৰী খাণ্ডি চলাইছে লুণ্ঠন। এফালে ৰিজাৰ্ভৰ মাটি বেদখল কৰি প্ৰব্ৰজিত লোকক বিক্ৰী কৰিছে আৰু আনফালে খান্দিছে পুখুৰী। 999 বিঘা ভূমিৰে আবৃত বৰপেটাৰ পূব প্ৰান্তত থকা বাৰামাৰা গো ৰিজাৰ্ভখন আৰু এই বাৰামাৰা গো ৰিজাৰ্ভৰ কাষতে আছে শিংৰা বিল। শিংৰা বিলৰ মাটি কালি হ’ল মাত্ৰ 33 বিঘা। কিন্তু এই বিলৰ লেচিএ ৰিজাৰ্ভৰ মাটিত অবাধে চলাইছে বেদখল। বিলৰ লেচি বিৰেণ দাসৰ নামত হাহচৰা গাঁৱৰ কলিমুদ্দিন আৰু হাইদৰ আলিয়ে এই গো ৰিজাৰ্ভত অবাধে বেদখল চলাই যোৱাৰ লগতে এই বাৰামাৰা গো ৰিজাৰ্ভতে অবৈধভাৱে এই বিশাল পুখুৰী খান্দি চলাইছে লুণ্ঠন। আনকি এই বাৰামাৰা গো ৰিজাৰ্ভৰ মাটি বেদখল কৰি প্ৰব্ৰজিত লোকক বিক্ৰী কৰিছে কলিমুদ্দিন আৰু হাইদৰ আলিয়ে আৰু এতিয়া ত্ৰিশ বছৰ পুৰ্বে স্থাপন কৰা কবৰস্থানতো বেদখলীৰ হাতোৰা পৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।
যাৰ বাবে স্থানীয় ৰাইজে এইদৰে সাব্যস্হ কৰিলে তীব্ৰ প্ৰতিবাদ। এই বাৰামাৰা গো ৰিজাৰ্ভ বেদখলমুক্ত কৰিবলৈ চৰকাৰে ব্যৱস্থা লবনে এয়া এতিয়া স্হানীয় ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। বৰপেটা জিলা প্ৰশাসনৰ গাফিলতিৰ বাবেই বৰপেটা জিলাত এতিয়া এখনৰ পিছত সিখন বিল তথা চৰকাৰী ৰিজাৰ্ভৰ অস্তিত্ব নোহোৱা হৈ পৰিছে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।