মৈৰাবাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিন উদযাপন

 09/16/2019 - 20:14

লাহৰীঘাটঃ মৈৰাবাৰী বিজেপিৰ উদ্যোগত উদযাপন কৰা হয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিন। জন্মদিন উপলক্ষে মৈৰাবাৰী পঞ্চায়তৰ সভানেত্ৰী শ্বাহনাজ চুলতানাৰ নেতৃত্বত মৈৰাবাৰী এফ আৰ ইউৰ ৰোগী সকলৰ মাজত ফল-মূল বিতৰণ কৰে। সাত দিনীয়া কাৰ্য্যসূচীৰে পালন কৰা হ’ল প্ৰধানমন্ত্ৰীৰ জন্মদিন‌। অহা কালিলৈ বৃক্ষৰোপনৰ কাৰ্য্যসূচী ৰূপায়ন কৰা হ’ব বুলি সংবাদ মাধ্যমকৰ জৰিয়তে প্ৰকাশ কৰে সভানেত্ৰী গৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।