ভাৰত-পাকিস্থান যুদ্ধৰ সৈনিক প্ৰাক্তন সৈনিক ৰবিন্দ্ৰ চন্দ্ৰ নাথৰ পৰলোকপ্ৰাপ্তি

 09/16/2019 - 20:44

কোকৰাঝাৰঃ ভাৰত-পাকিস্থান যুদ্ধৰ সৈনিক তথা কোকৰাঝাৰ জিলাৰ ভূটীয়াপাৰা গাঁও নিৱাসী ৰবিন্দ্ৰ চন্দ্ৰ নাথ কালি বিয়লি ৫:০০বজাত ইহলীলা সম্বৰণ কৰে। বাৰ্ধক্যজনিত কাৰণত মৃত্যুক আঁকোৱালি লোৱা ৰবিন্দ চন্দ্ৰ নাথৰ বয়স আছিল ৭৫ বছৰ। কোকৰাঝাৰ জিলাৰ ভূটীয়াপাৰা নিৱাসী প্ৰাক্তন সৈনিক তথা কোকৰাঝাৰ জিলা নাথ যোগী সন্মিলনীৰ সম্পাদক সঞ্জিৎ নাথৰ পিতৃ ৰবিন্দ্ৰ চন্দ্ৰ নাথৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে গুণমুগ্ধই ৰবিন্দ্ৰ চন্দ্ৰ নাথৰ বাসভৱনত উপস্হিত হয়। প্ৰাক্তন সৈনিক ৰবিন্দ্ৰ চন্দ্ৰ নাথৰ মৃত্যুত শোকস্তব্ধ হৈ আত্মাৰ শান্তিৰ কামনাৰে ভূটীয়াপাৰা ৰাজহুৱা প্ৰেক্ষাগৃহত এক শোকসভাও অনুষ্ঠিত কৰা হয়।
সদৌ অসম নাথ যোগী ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথ, অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সহ সম্পাদক চিৰাজ নাথ, যুৱ জিলা সমিতিৰ সভাপতি প্ৰমোদ নাথ, বি টি এডিৰ নাথ যোগী সন্মিলনীৰ সম্পাদক আদিকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যাক্তিয়ে মৃতকৰ ঘৰত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমাবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকৰ প্ৰতি অন্তিম শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।