ভূটান সীমান্তত লাডেনৰ মুক্ত বিচৰণত আতংকিত গঞা

 09/16/2019 - 21:26

ভেৰগাঁওঃ ওদালগুৰি জিলাৰ ভূটান সীমান্তত বৰ্তমান এক চৰ্চিত নাম লাডেন৷ যিকোনো সময়ত এই লাডেনে মানুহ হত্যা কৰিব পাৰে৷ শিশু, মহিলা, বৃদ্ধ, পুৰুষ একো নাচায় লাডেনে৷ সন্মুখত মানুহ দেখা পালেই খেদি-খেদি গৈ গচকি হত্যা কৰে৷ ওদালগুৰি জিলাৰ ভূটান সীমান্তত যোৱা কেইবছৰ ধৰি আতংকিত কৰি অহা লাডেনৰ সন্ত্ৰাসত একাধিক পৰিয়াল নিৰাপদ স্থানলৈ ঢাপলি মেলিছে৷ আচলতে লাডেন ওৰফে কানকাটা বন্যহস্তীৰ বাবে সমগ্ৰ ভূটান সীমান্তত এতিয়া আতংকিত পৰিবেশ৷ এই বছৰতে ২৪জনৰো অধিক লোকক মৃত্যুৰ মুখলৈ ঠেলি দিয়া লাডেন নামৰ হাতীয়ে দিনতে মুক্ত বিচৰণ কৰে ভূটান সীমান্তৱৰ্তী ভোলাটাৰ, নেউলী, বাদলাপাৰাত৷ চাহ শ্ৰমিক, খেতিয়ক লাডেন নামৰ হাতীৰ ভয়ত যাব পৰা নাই নিজৰ কামত৷ মানুহ দেখিলেই মাৰিবলৈ উদ্যত হোৱা বন্যহস্তীক নিয়ন্ত্ৰণৰ দাবী জনাইছে ভূটান সীমান্তবাসীয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।