ৰহাত গাওঁ পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ

 09/16/2019 - 21:33

ৰহাঃ মনিপুৰটুপ গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতিৰ বিৰুদ্ধে উঠিছে লুণ্ঠনৰ অভিযোগ। অভিযোগ মতে ২০১৫-১৬ বৰ্ষতে মনিপুৰটুপ খেলপথাৰৰ চাৰিসীমা বেৰ নিৰ্মাণৰ বাবে চাৰি লাখ টকা আবণ্টন দিয়া হৈছিল। কিন্তু খেলপথাৰত এটাও ইটা নপেলু্‌ৱাত পঞ্চায়তটোৰ প্ৰাক্তন সভাপতি মহৰ আলিয়ে সমুদায় ধন আত্মসাৎ কৰে। পিচত মনিপুৰটুপ ক্ৰীড়া সন্থাই আৰ টি আই য়ে এই দুৰ্নীতিৰ কথা পোহৰলৈ অনাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এই সম্পৰ্কত একাংশ যুৱকে প্ৰাক্তন সভাপতিগৰাকীৰ পৰা জানিব বিছৰাত প্ৰাক্তন সভাপতি মহৰ আলিয়ে ওলোটাই এইসকলক নানা প্ৰকাৰে ভাবুকি প্ৰদান কৰে বুলি অভিযোগ কৰিছে স্থানীয় লোকসকলে।
দেওবাৰে মহৰ আলীয়ে হাফিজুল নামৰ এজন যুৱকক আক্ৰমণ কৰে। প্ৰাক্তন সভাপতিগৰাকীয়ে ওলোটাই মনিপুৰটুপৰ কেইজনমান যুৱকৰ বিৰু্দ্ধে ৰহা আৰক্ষী থানাত গোচৰ দিয়ে। মহৰ আলীৰ বিৰুদ্ধে গোচৰ তৰিছে স্থানীয় একাংশই। মনিপুৰটুপ গাওঁ পঞ্চায়তত হোৱা এনে দুৰ্নীতিত কপিলী উন্নয়ন খণ্ডৰ বিষয়া কৰ্মচাৰীও জড়িত থকাৰ অভিযোগ উঠিছে। সেয়ে এনে দুৰ্নীতিৰ উচিত তদন্ত কৰিবলৈ চৰকাৰক দাবী জনাইছে স্থানীয় লোকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।