তিনিচুকীয়া জিলাৰ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত ভলীবল প্ৰশিক্ষণ শিবিৰ মুকলি

 09/17/2019 - 11:14

ডিব্ৰুগড়ঃ তিনিচুকীয়া জিলাৰ ক্ৰীড়া সন্থাৰ সৌজন্যত, সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত, অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ পৃষ্ঠপোষকতাত আৰু গুইজান আঞ্চলিক মটক যুৱ-ছাত্ৰ পৰিষদৰ সহযোগত একমহীয়া বিনামূলীয়া ভলীবল প্ৰশিক্ষণৰ শিবিৰ গুইজান নতুন ৰঙাগড়া আঞ্চলিক খেলপথাৰ মিলনপুৰত শুভাৰম্ভ কৰা হয়। প্ৰশিক্ষণৰ উদ্বোধক হিচাপে উপস্থিত থাকে চাবুৱাৰ ক্ৰীড়া সন্থাৰ সভাপতি মৃদুল ৰাজখোৱা। সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলাৰ বিত্ত সম্পাদক তপন বৰুৱাই আঁতধৰা শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱা, মুখ্য সাংগঠনিক সম্পাদক উপেন সেনাপতি, ৰাষ্ট্ৰীয় পৰ্যায় ভলীবল খেলুৱৈ তথা প্ৰশিক্ষক টিংকু বৰুৱা, গটং গাঁও পঞ্চায়তৰ সভাপতি মুৰলি গুপ্তা, প্ৰাক্তন আছুৰ নেতা জিন্ত বৰগোঁহাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।