চেলেংহাটত কংগ্ৰেছত যোগদান বিজেপি কৰ্মীৰ

 09/17/2019 - 13:33

মৰিয়নী: বিজেপি দলৰ শেহতীয়া কৰ্মকাণ্ডক লৈ আস্থাহীন হৈ মৰিয়নি সমষ্টিৰ চেলেং পঞ্চায়তৰ অৰ্ধশতাধিক বিজেপি কৰ্মীয়ে মঙলবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে। এই উপলক্ষে প্ৰান্ত শইকীয়াৰ পৌৰহিত্যত হেমলাইত অনুষ্ঠিত কংগ্ৰেছৰ এখন সভাত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ উপস্থিতিত চেলেং পঞ্চায়তৰ অৰ্ধশতাধিক বিজেপি কৰ্মীয়ে দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰে।

কংগ্ৰেছৰ সভাখনত পূৱ যোৰহাট ব্লক কংগ্ৰেছৰ সভাপতি মনিৰাম গগৈ, মৰিয়নি সমষ্টি যুৱ কংগ্ৰেছৰ সম্পাদক ৰাজু বৰা, চেলেং মণ্ডল কংগ্ৰেছৰ সভাপতি মন্টু চুতীয়া তথা চেলেং পঞ্চায়তৰ সভাপতি, আঞ্চলিক পঞ্চায়তৰ সদস্য ৰাজেন গগৈ আৰু মহেশ চাহু উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।