মৈৰাবাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উদযাপন

 09/17/2019 - 13:50

মৈৰাবাৰীঃ মৈৰাবাৰী বিজেপিৰ উদ্যোগত উদযাপন কৰা হয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। জন্মদিন উপলক্ষে মৈৰাবাৰী পঞ্চায়তৰ সভানেত্ৰী শ্বাহনাজ চুলতানাৰ নেতৃত্বত বিজেপিৰ কৰ্মী সকলে মৈৰাবাৰীৰ ভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত বৃক্ষ ৰোপণ কৰাৰ লগতে ৰাইজৰ মাজত গছ পুলিও বিতৰণ কৰে।

মৈৰাবাৰী কালি বাড়িৰ পৰা আৰম্ভ হোৱা এই কাৰ্য্যসূচী মৈৰাবাৰীতত থকা পাতেকীবডী সত্ৰত গৈ বৃক্ষ ৰোপণ কৰাৰ লগতে সত্ৰ প্ৰাংগণ পৰিষ্কাৰ কৰা হয়। সোমবাৰে এফ আৰ ইউৰ ৰোগীসকলৰ মাজত ফল-মূল বিতৰণ কৰে। সাত দিনীয়া কাৰ্য্যসূচীৰে পালন কৰা হ’ব প্ৰধানমন্ত্ৰীৰ জন্মদিন‌। বুধবাৰে ভিন্ন কাৰ্য্যসূচী ৰূপায়ন কৰা হ’ব বুলি সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰে সভানেত্ৰী গৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।