নগাঁৱৰ ঠেংকুচি প্ৰাথমিক বিদ্যালয়ত তীব্র উত্তেজনা

 09/17/2019 - 15:30

কামপুৰঃ বিদ্যালয়খনৰ প্ৰধান শিক্ষক তিনিজন। বছেৰেকীয়া পৰীক্ষা পালেহি  যদিও ছাত্ৰ-ছাত্ৰীয়ে নাপালে পাঠ্যপুথি। তিনিমাহে নাই মধ্যাহ্ন ভোজন। মদাহী শিক্ষকৰ বাবে এখন বিদ্যালয়ত অচলা অৱস্থা। প্ৰধান শিক্ষক চন্দ্ৰমনি চমুৱাৰ লগতে আন এগৰাকী সহ শিক্ষয়ত্ৰী ৰুমি গায়নৰ  বিৰুদ্ধে গুৰুতৰ অভিযোগ আহিছে। প্ৰধান শিক্ষকজনে বিদ্যালয়লৈ মাদক দ্ৰব্য সেৱন কৰি অহাৰ লগতে অনিয়মীয়া উপস্থিতি আৰু  বিভাগৰ পৰা কোনো অনুমতি নোলোৱাকৈ তিনিমাহ ধৰি বিদ্যালয়ত উপস্থিত নাছিল। ৰাইজৰ অভিযোগ  সহশিক্ষয়ত্ৰী ৰুমি গায়নৰো বিদ্যালয়ত উপস্থিতি অনিয়মীয়া। চমুৱাৰ অনুপস্থিতিত প্ৰথমজন সহশিক্ষক নিজুমাই বৰাই প্ৰধান শিক্ষকৰ দ্বায়িত্ব ল’ব লগিছিল যদিও শাৰীৰিক অসুস্থাৰ সুযোগ লৈ প্ৰধান শিক্ষকৰ দ্বায়িত্ব লবলৈ অপাৰগতা প্ৰকাশ কৰে। এই সুযোগ গ্ৰহন কৰি সহশিক্ষক ৰুমি গায়ন আৰু পাৰ্থ প্ৰতিম বৰাই প্ৰধান শিক্ষকৰ পদৰ বাবে মন মেলে। বৰ্তমান তিনিজন প্ৰধান শিক্ষকৰে বিদ্যালয়খন চলি আছে। ইয়াৰ মাজতে  বিদ্যালয়ত  প্ৰধান শিক্ষক পদত যোগদান কৰিব আহে ৰুমি গায়নে। কিন্ত অভিভাৱক আৰু মাতৃ গোটে শিক্ষয়ত্ৰী গৰাকীক বিদ্যালয়ত উপস্থিত হোৱাত বাধা আৰোপ কৰে। আনফালে কঠিয়াতলী শিক্ষাখণ্ডৰ বিষয়া গৰাকীৰ এক নিৰ্দেশ যোগে পাৰ্থ প্ৰতিম বৰাক প্ৰধান শিক্ষক পদত যোগদানৰ নিৰ্দেশ দিয়ে। বিদ্যালয়ৰত চলি থকা অচলা অৱস্থাৰ বাবে ছাত্ৰ- ছাত্ৰী সকলে তিনিমাহ ধৰি মধ্যাহ্ণ ভোজনৰ পৰা বঞ্চিত হৈ আছে। ইফালে বছেৰেকীয়া পৰিক্ষালৈ মাজত প্ৰায় দুটা মাহ  থকাৰ অৱস্থাত একমাত্ৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ হেমাহিৰ বাবেই তৃতীয়মান শ্ৰেনীৰ ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথি নাপালে। যি কাৰণে এই শ্ৰেণীটোত শিক্ষা গ্ৰহন কৰা ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অনিশ্বয়তা দিশত গতি কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।