এবিএমছুৰ উদ্যোগত ভোটগাওঁ বজাৰ পথ অৱৰোধ

 09/17/2019 - 16:40

কোকৰাঝাৰঃ সদৌ বিটিচি সংখ্যালঘু ছাত্ৰসন্থা চমুকৈ এবিএমছুৰ উদ্যোগত কোকৰাঝাৰ চহৰৰ নিকটত থকা ভোটগাওঁ বজাৰ পথ অৱৰোধ কৰি উত্তাল কৰি তোলে৷ ৰাতিপুৱা ৯ বজাৰ পৰা ১১ বজালৈ দুঘন্টীয়া পথ অৱৰোধ কাৰ্য্যসূচীৰে ভোটগাওঁ বজাৰ পথত বিভিন্ন শ্লোগানেৰে উত্তাল কৰে৷ কেইবাশতাধিক এবিএমছুৰ সদস্য আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা অৱৰোধ কাৰ্য্যসূচীত এবিএমছুৰ জিলা সভাপতি জাইদুল ইছলামে অংশগ্ৰহণৰ কৰি সমষ্টিটোৰ বিধায়িকা তথা মন্ত্ৰী প্ৰমিলাৰানী ব্ৰহ্ম আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক সমালোচনা কৰে৷

ছাত্ৰনেতা গৰাকীয়ে প্ৰমিলা ৰানী ব্ৰহ্মক নিৰ্লজ্জ বিধায়িকা আখ্যা দি কয় যে হাগ্ৰামা মহিলাৰীয়ে বিটিচিত সম উন্নয়ন আৰু সম অধিকাৰৰ কথা কয় যদিও দৰাচলতে বিপিএফ দলৰ দুই এজন নেতা পালিনেতাৰ বাহিৰে একো উন্নয়ন সাধা নাই৷ অহা এমাহৰ ভিতৰত উক্ত পথছোৱা নিৰ্মান নকৰিলে সমষ্টিটোৰ বিধায়িকা গৰাকীক উক্ত পথত চলাচল নিষিদ্ধ কৰাৰ হুংকাৰ দিছে ছাত্ৰনেতা জাইদুল ইছলামে৷ কাৰ্য্যসূচীত এবিএমছুৰ জিলা কাৰ্যকৰী সভাপতি নজৰুল ইছলামেও অংশগ্ৰহণ কৰি কোকৰাঝাৰ ফুটকীবাৰী পথছোৱা নিৰ্মান কৰিবলৈ দাবী উত্থাপন কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।