ওদালগুৰিৰ ডিমাকুছিত চাঞ্চল্যকৰ হত্যাকাণ্ড

 09/17/2019 - 16:54

ভেৰগাঁওঃ ওদালগুৰি ভেৰগাঁৱৰ ডিমাকুছিত তীব্ৰ চাঞ্চল্যকৰ ঘটনা ৷ ওদালগুৰি ডিমাকুছিৰ সোনাজুলিত ব্যক্তিগত ক্ষুদ্ৰচাহ বাগিচাত উদ্ধাৰ হোৱা মৃতদেহটো ৪৫বছৰীয়া ৰাজেশ মিঞ্জৰ।

মুখমণ্ডলত আঘাটৰ চিন স্পষ্ট ৰাজেশ মিঞ্জৰ। ঝড়খণ্ডৰ ৰাজেশ মিঞ্জে কিছুবছৰ ধৰি সোনাজুলিৰ শাহুৱেকৰ ঘৰত থাকি দিন হাজিৰা কৰি আহিছিল৷ ঘটনাস্থলীত ডিমাকুছিৰ আৰক্ষীৰলোক উপস্থিত হৈ কোনে কি কাৰণত হত্যা কৰি লোকজনক বাগিচাৰ ওচৰত পেলাই থৈ গৈছে সেয়া এতিয়ালৈকৈ পোহৰলৈ অহা নাই৷

একাংশ লোকে সন্দেহ কৰা মতে মদ্যপান কৰি হয়তো কোনোলোকৰ লগত কাজিয়াৰ সূত্ৰপাত হয় আৰু লগে লগে পকিৰ টুকুৰাৰে হত্যা কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।