আউলাগুৰিৰ পথাৰত শুৰপোকৰ আক্ৰমণ

 09/18/2019 - 13:43

বঙাইগাঁওঃ বঙাইগাঁও জিলাৰ মাণিকপুৰ কৃষি চক্ৰৰ অন্তৰ্গত আউলাগুৰিৰ পথাৰত শুৰপোকৰ আক্ৰমণ আৰম্ভ হৈছে। শুৰপোকে শালিখেতি কাটি খাই এফালৰ পৰা তহিলং কৰাৰ পিছতো কৃষি বিভাগৰ কোনো এজন বিষয়াই খবৰ ল’বলৈ আহৰি পোৱা নাই। শালিখেতিৰ ধাননিৰ পাত খাই মাত্ৰ ঠাৰি আছে। বিশেষকৈ সন্ধিয়া সময়ত এটা ধাননিৰ থোকত ৫/৬ টাকৈ শুৰপোক দেখা যায়।

ৰাতি ৰাতি বজাৰৰ পৰা বিভিন্ন ঔষধ আনি দি আছে যদিও শুৰপোকৰ পৰা পৰিত্ৰাণ পোৱা নাই কৃষকে। সেয়ে শীঘ্ৰে কৃষিবিভাগক ব্যৱস্থা ল’বলৈ দাবী জনাইছে কৃষকসকলে। নিজা খৰছত মূৰৰ ঘাম মাটিত পেলাই জাকত-জিলিকা কৈ গঢ়ি তোলা শালিখেতিত শুৰপোকৰ আক্ৰমণে চিন্তিত কৰি তুলিছে কৃষকক। এনেদৰে শুৰপোকৰ আক্ৰমণ অভ্যাহত থাকিলে খাদ্য সংকটে দেখা দিয়া নিশ্চিত। আউলাগুৰিৰ পথাৰত কেইবাশ বিঘা শালি খেতিত শুৰপোকে তাণ্ডৱ চলাইছেও।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।