দৰঙৰ বুঢ়া আৰক্ষীথানাৰ কাণ্ডৰ সন্দৰ্ভত আমছুৰ সংবাদমেল

 09/19/2019 - 13:48

খাৰুপেটীয়াঃ দৰং জিলাৰ বুঢ়া আৰক্ষী থানাত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত আমছুৰ সংবাদ মেল। আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসে এক সংবাদ মেল আয়োজন কৰি বুঢ়া আৰক্ষী থানাত সংগঠিত হোৱা বৰ্বৰ কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

বৰ্বৰ কাণ্ডত জড়িত আৰক্ষী বিষয়াক অতি সোনকালে গ্ৰেপ্তাৰৰ দাবী জনায় আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জনে। আনহাতে নিৰ্যাতিত মহিলাসকলক ক্ষতি পুৰণৰ লগতে দোষীক অতি সোনকালে গ্ৰেপ্তাৰ নকৰিলে গণতান্ত্ৰিক আন্দোলন কৰাৰ হুংকাৰ দিয়ে আমছুৰ দৰঙ জিলা সমিতিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।