গৰাইমাৰীত নিখিল ভাৰত কৃষক সভা আৰু চিটিইউৰ যৌথ আহ্বানত অৱস্থান ধৰ্মঘট

 09/19/2019 - 17:18

বিজনীঃ বৃহস্পতিবাৰে ৰাতিপুৱা ১১ বজাৰ পৰা বিজনীৰ গৰাইমাৰী গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ সমিপত কৃষক-শ্ৰমিকৰ, চি,টি,ইউৰ জিলা কমিটিৰ যৌথ আহ্বানত অৱস্থান ধৰ্মঘট ৰূপায়ন কৰে। যোৱা সময়ছোৱাত বঙাইগাওঁ জিলা চিৰাং জিলা দুখনত উপৰ্যুপৰি ভয়ংকৰ বানপানীয়ে বহু ক্ষতি সাধন কৰে। আই, মানাহ নৈয়ে দাবাবিল এলেকা, ২ নং আৰু ৫ নং বাঁশবাৰী, টেনটনপুৰ, কাহিবাৰী, বিভিন্ন গাওঁত শ-শ পৰিয়ালৰ গৰাখহনীয়াৰ কবলত পৰি উচন হৈ গৃহহীন আৰু ভূমিহীন হৈ পৰিছে। ভূটান বান্ধৰ পৰা অতিৰিক্ত এৰি দিয়া পানীয়ে বানপানী সমস্যাক আৰু অধিক জটিল কৰি তুলিছে।

পুনৰ যোৱা আগষ্টত দেশৰ প্ৰধানমন্ত্ৰীয়ে ভূটান চৰকাৰৰ লগত ৭২০ মেগাৱট বিদ্যুত উৎপাদনক্ষম জলবিদ্যুত প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়ে ভৱিষ্যতত আৰু অধিক বিপদ সৃষ্টি কৰিব। নিখিল ভাৰত কৃষক সভা আৰু চি, আই, টি, ইউৰ জিলা কমিটিয়ে বান-গৰাখহনীয়াত বিধ্বস্ত হোৱা পৰিয়ালক উপযুক্ত ক্ষতিপূৰন আৰু সংস্থাপনৰ ব্যৱস্থা কৰি আই আৰু মানাহ নৈৰ বানপানী আৰু গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্হা কৰাৰ বাবে আজিৰ এই অৱস্থান ধৰ্মঘট ৰূপায়ন কৰে।

উক্ত ধৰ্মঘটত ছয়টা দাবী উত্থাপন কৰি বঙাইগাওঁ জিলাৰ উপায়ুক্তৰ জৰিয়তে এখন স্মাৰকপত্ৰ মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰলৈ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।