গোগামুখ ন-নদীত ভয়ংকৰ পথ দুৰ্ঘটনা

 09/20/2019 - 13:40

গোগামুখঃ বৃহস্পতিবাৰে গোগামুখ ন-নদীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ দুৰ্ঘটনাটোত থিতাতে মৃত্যু হয় এজন যুৱকৰ৷ যুৱক জনৰ নাম ভাইকন খনিকৰ বুলি জানিব পৰা গৈছে৷ মৃত যুৱক জনৰ ঘৰ লক্ষীমপুৰ জিলাৰ ঘুনাখুটিৰ বুলি জানিব পৰা গৈছে৷

ঘটনা বিৱৰণী মতে স্থানীয় প্ৰত্যক্ষ দৰ্শীৰ মতে এ এচ ০৭জি ৮১১৮প্লেট নম্বৰৰ ইয়ামাহা বাইকখনত অহা যুৱকজনে নিয়ন্ত্ৰন হেৰুৱাই ধেমাজিৰ ফালে গৈ থকা এখন ট্ৰাক গাড়ীত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় আৰু ভাইকন খনিকৰ নামৰ যুৱক জনৰ থিতাতে মৃত্যু হয়৷ ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পিছতে বৰদলনি আৰক্ষী চকীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰিক্ষাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।