দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত সজাগতামুলক কাৰ্যসূচী

 09/20/2019 - 15:36

হাটশিঙিমাৰীঃ নতুন যান-বাহন আইন কাৰ্যকৰী কৰাৰ বাবে দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষী প্ৰশাসনে ৰাইজক সচেতন কৰাৰ উদ্দেশে এক সজাগতামুলক কাৰ্যসূচী হাতত লয়। নতুন যানবাহন আইন উলঙ্গন কৰিলে হ’ব পাৰে বহু পৰিমাণে জৰিমনা। এই আইন সম্পৰ্কে ৰাইজক সজাগ কৰিবলৈ শালমাৰা মানকাচৰ জিলা আৰক্ষী প্ৰশাসনে লৈছে সজাগতামুলক পদক্ষেপ৷

মানকাচৰ-হাটশিঙিমাৰী গড়কাপ্তানী পথত এক নাকা চেকিঙৰ জৰিয়তে শালমাৰা মানকাচৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে যানবাহন আইন উলঙ্গন কৰা লোকসকলক খাৰুৱাবান্ধা থানাৰ ভিতৰত মাতি নি যানবাহন আইন সম্পৰ্কে এক সজাগতামূলক সভা কৰে আৰু নতুন যানবাহন আইন সন্দৰ্ভত অৱগত কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।