বিঘাই বিঘাই কৃষিভূমিত চৰহা পোকৰ আক্ৰমণ

 09/22/2019 - 13:34

আমগুৰিঃ আহিনৰ পথাৰত গেৰ ধৰা ধানৰ বিপৰীতে এক ভয়াবহ দৃশ্য। বিঘাই বিঘাই শালি ধানৰ খেতিত এতিয়া চৰহা পোকৰ আক্ৰমণ। কৃষকৰ মাজত হাহাকাৰ সেউজীয়া ধাননিৰ পৰিৱৰ্তে খেৰলৈ পৰ্যবেসিত ধাননি পথাৰ। এই দৃশ্য শিৱসাগৰ জিলাৰ বৰপাত্ৰ কৃষিখণ্ডৰ অন্তগত আহিনৰ পথাৰ আৰু ডিমৌ পথাৰৰ।

পথাৰ দুখনৰ প্ৰায় তিনিশ বিঘা কৃষি ভূমিৰ অধিকাংশই চৰহা পোকে আক্ৰমণ কৰাত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। অঞ্চলটোৰ কৃষক সকলে এই সমস্যাৰ সম্পৰ্কত জিলা কৃষিবিভাগৰ লগত যোগাযোগ কৰিছিল যদিও বিভাগটোৱে নল'লে বিহিত ব্যৱস্হা। কৃষকৰ অভিযোগ স্থানীয় কৃষি সম্প্ৰসাৰন বিষয়াই বুজ নলয় কৃষকৰ সমস্যা।

লক্ষণীয় ভাৱে বিভাগীয় বিষয়াই এই পোকৰ আক্ৰমনত ধানৰ উৎপাদন ৭০ শতাংশ পৰ্য্যন্ত হ্ৰাস পায় বুলি জনোৱাৰ পিচতো বিভাগটোৱে কোনো ব্যৱস্থা নোলোৱাত মুৰে কপালে হাত দিছে ভুক্তভোগী কৃষক সকলে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।