ছাত্ৰীক যৌন নিৰ্য্যাতনৰ চেষ্টা পশু চিকিৎসালয় কৰ্মচাৰীৰ

 09/23/2019 - 18:28

আমিনগাঁওঃ উত্তৰ গুৱাহাটীত সভ্য সমাজক কলঙ্কিত কৰা ঘটনা। কন্যা সন্তানৰ সহপাঠী ছাত্ৰীক যৌন নিৰ্যাতনৰ চেষ্টা পশু চিকিৎসালয় কৰ্মচাৰীৰ। ২৯ আগষ্টৰ ঘটনা গাপ দিয়াৰ চেষ্টা পশু চিকিৎসক ডা০অনিল চৌধুৰীৰ। নিৰ্যাতিতা কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰীৰ পিতৃৰ এজেহাৰ মৰ্মে আটক নেকিবুদ্দিন আহমেদক। উত্তৰ গুৱাহাটী পশু চিকিৎসালয়ৰ আৱাস গৃহত জঘন্য ঘটনা। এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক চিকিৎসালয়ৰ ক্ষেত্ৰ পৰিদৰ্শকৰ যৌন নিৰ্যাতন। ঘৰত কোনো নথকাৰ সুযোগ লৈ নৰপিশাচ নেকিবুদ্দিন আহমেদে চলালে অকথ্য নিৰ্যাতন।

২৯ আগষ্টত উত্তৰ গুৱাহাটী পশু চিকিৎসালয়ৰ এই আৱাস গৃহত নেকিবুদ্দিন আৰু ছাত্ৰীৰ পৰিয়াল থাকিবলৈ লৈছিল। নেকিবুদ্দিনৰ কন্যাৰ সতে আই আই টি কেন্দ্ৰীয় বিদ্যালয়ত একে শ্ৰেণীত অধ্যয়ন কৰা ছাত্ৰী গৰাকীক নৰপিশাচে চলাইছিল নিৰ্যাতন। মাক-দেউতাক ঘৰলৈ অহাত সকলো বিৱৰি কোৱাত মাতৃয়ে অৱগত কৰে চিকিৎসক অনিল চৌধুৰীক। কিন্তু অনিল চৌধুৰীয়ে  ঘটনা গাপ দিয়াৰ চেষ্টা কৰে।

নিৰ্যাতিতা ছাত্ৰীৰ পিতৃ উত্তৰ গুৱাহাটী পশু চিকিৎসালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। চিকিৎসক অনিল চৌধুৰীয়ে অভিযুক্ত নেকিবুদ্দিনক স্থানান্তৰ কৰাৰ আশ্বাসেৰে ছাত্ৰীৰ পিতৃক এজেহাৰ দিবলৈ মানা কৰে। কিন্তু নেকিবুদ্দিনক স্থানান্তৰ কৰাৰ পিছত ছাত্ৰীগৰাকীৰ ওপৰত নিৰ্যাতন বাঢ়িলহে। বিদ্যালয়লৈ গলেই লম্পট নেকিবুদ্দিনে ছাত্ৰীগৰাকীক ভাবুকিৰে ভীতিগ্ৰস্ত কৰেl কেৱল ছাত্ৰীগৰাকীকেই নহয় পিতৃ মাতৃকো ফোনেৰে ভাবুকি প্ৰদান কৰে।

মানসিক নিৰ্যাতনত অতিস্থ ছাত্ৰীগৰাকীৰ পিতৃয়ে উত্তৰ গুৱাহাটী আৰক্ষী থানাত  ১৩০/১৯ তৰ গোচৰ মৰ্মে সোমবাৰে আটক কৰে অভিযুক্ত নেকিবুদ্দিন আহমেদক। ৪৪৮/৩৫৪(এ)৩৭৬/৫১১আই পি চি আৰ ডব্লিউ চেক্সন ৪/১৮ ধাৰাৰ পকচো আইনৰ অধীনত নেকিবুদ্দিনক গ্ৰেপ্তাৰ কৰি উত্তৰ গুৱাহাটী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।