গোসাঁইগাঁৱত পিষ্টল উদ্ধাৰ কেন্দ্ৰ কৰি ৰহস্যৰ সৃষ্টি

 09/24/2019 - 20:29

শ্ৰীৰামপুৰঃ গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযান। অভিযান চলায় গৌৰীপুৰ আৰক্ষী আৰু ধুবুৰীৰ ডিএছপি। শিমূলটাপু আৰক্ষী চকীৰ শিমূলটাপুত নিশা আৰক্ষীৰ যৌথ অভিযান। অভিযান চলায় ধুবুৰীৰ ডিএছপি শ্বেখৰ জ্যোতি ৰায় আৰু গৌৰীপুৰ থানাৰ অ চি সত্যজিৎ বৰঠাকুৰ। পৰিকল্পিতভাৱে ঘৰত পিষ্টল ৰখাৰ অভিযোগ পৰিয়ালৰ আৰু গাঁৱৰ গাঁও বুঢ়া তথা গাঁওবাসীৰ।

শিমূলটাপু আৰক্ষী চকীৰ তথা শিমূলটাপু গাঁৱৰ নিবাসী হাফিজুল ৰহমানক চাৰিদিন পূৰ্বে গৌৰীপুৰ আৰক্ষী সন্ধিয়া নিজ ঘৰৰ পৰা আটক কৰে হাফিজুল ৰহমানক। তেওঁক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীৰ জিম্মাত থকা অৱস্থাত ইয়াৰ পূৰ্বে দুইবাৰ কৈ তেওঁৰ ঘৰত আৰক্ষী তালাচী চলাই যদিও কোনোও অস্ত্ৰ উদ্বাৰ কৰিব পৰা নাছিল। কিন্তু ধুবুৰী আৰু গৌৰীপুৰৰ আৰক্ষী নিজৰ ব্যৰ্থতা ঢাকিবলৈ তেওঁৰ ঘৰত পিষ্টল থকা বুলি পুনৰ অভিযান চলায়। অভিযান চলাই নাটকীয়ভাৱে হাফিজুলৰ ঘৰৰ চোফাৰ তলৰ পৰা এটা পিষ্টল আৰু তিনিটা গুলী উদ্বাৰ কৰে।

ইয়াক লৈ ধুবুৰী আৰু কোকৰাঝাৰ জিলা আৰক্ষীৰ মাজত ঠেলা হেঁচা আৰু মতানৈক্যৰ সৃষ্টি হয়। উক্ত পিষ্টলসহ হাফিজুলক শিমূলটাপু আৰক্ষী চকীত মঙলবাৰে পুৱা নিয়াৰ পিছত ঘটনা সন্দৰ্ভত অৱগত কৰি ধুবুৰী লৈ নিয়াৰ চেষ্টা কৰে যদিও শিমূলটাপু আৰক্ষী চকীত কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, মহাকুমা আৰক্ষী বিষয়া, গোসাঁইগাঁৱৰ অ চি উপস্থিত হয় আৰু ধুবুৰী জিলাৰ ডি এছ পি শ্বেখৰ জ্যোতি ৰায়, গৌৰীপুৰ থানাৰ অ চি সত্যজিৎ বৰঠাকুৰক কিছু সময়ৰ বাবে আটক কৰি ৰাখে ইয়াক লৈ আৰক্ষীৰ শীর্ষ মহলত এক খলকনিৰ সৃষ্টি হয়।

উক্ত ঘটনাৰ বুজ ল’বলৈ কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং শিমূলটাপূ আৰক্ষী চকীত উপস্থিত হৈ ঘটনাৰ তদন্ত কৰাৰ লগতে খোধা পোছা কৰে। হাফিজুলৰ পৰিয়ালে গৌৰীপুৰ আৰক্ষী বিষয়া আৰু ধুবুৰী ডি এছ পিৰ বিৰুদ্ধে এখন গোচৰ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।