ৰূপহী মহাবিদ্যালয়ত কণ্ঠশিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠান

 09/25/2019 - 14:24

জুৰীয়াঃ নগাঁৱৰ ৰূপহীহাটত পোন প্ৰথমবাৰৰ বাবে কণ্ঠশিল্পী জুবিন গাৰ্গ। উত্তৰ নগাঁৱৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ৰূপহী মহাবিদ্যালয়ত দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা নৱাগত আদৰণি সভাৰ অন্তিম দিনা উপস্থিত হয় যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গ। ৰূপহী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ অশেষ প্ৰচেষ্টাৰ বাবে পোনপ্ৰথমবাৰৰ ৰূপহী মহাবিদ্যালয়ত কণ্ঠশিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠান।

সংগীতানুষ্ঠানত জুবিন গাৰ্গে বিভিন্ন ধৰণৰ ন-পুৰণি মনোমোহা গীতেৰে ছাত্ৰ ছাত্ৰীৰ লগতে ৰূপহীবাসীক উৎফুল্লিত কৰে। জুবিন গাৰ্গৰ আগমনক কেন্দ্ৰকৰি ৰূপহীহাটৰ ছাত্ৰ-ছাত্ৰী তথা ৰাইজৰ মাজত উৎসাহ পৰিলক্ষিত হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।