ছ’চিয়েল মিডিয়াত ভয়ংকৰ ঘটনা

 09/25/2019 - 15:17

লখিমপুৰঃ ছাত্ৰ সন্থাৰ বিৰুদ্ধে অশ্লীল আৰু আপত্তিজনক পোষ্ট ভাইৰেল ছ’চিয়েল মিডিয়াত৷ লখিমপুৰত হাতে-কামে লাগিল আছু৷ ছাত্ৰসন্থাৰ বিৰুদ্ধে অশ্লীল পোষ্ট ভাইৰেল কৰা বহু কেইজনক আছুৰ শাস্তি৷ আটক কৰি গতালে লখিমপুৰ আৰক্ষীক৷ ২৩ চেপ্তেম্বৰত উত্তৰ লখিমপুৰ পৌৰসভাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী লৈছিল আছুৱে৷

প্ৰতিবাদী কাৰ্যসূচীৰ ফটোক ইডিটিং কৰি অশ্লীল শব্দ লিখি ফেচবুক, হোৱাটচ এপত ভাইৰেল কৰিলে দুষ্ট চক্ৰই৷ ঘটনা সন্দৰ্ভত উত্তৰ লখিমপুৰ সদৰ থানাত গোচৰ ৰুজু ছাত্ৰ সন্থাৰ৷ ঘটনাৰ লগত জড়িত সুশীল দলে আৰু ৰাজীৱ পামেগামক ছাত্ৰসন্থাই আটক কৰি গতালে আৰক্ষীক৷ দেৱজ্যোতি স্বৰ্গীয়াৰী আৰু হোমেন টাইডকো আটক ছাত্ৰসন্থাৰ৷ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।