সদৌ অসম গোৰ্খা ছাত্ৰসন্থা সমিতিৰ তীব্ৰ প্ৰতিবাদ

 09/26/2019 - 16:29

গোলাঘাটঃ  উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত তিব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। আমছু গোৰ্খা সন্মিলন, ভাৰতীয় গোৰ্খা পৰিসংঘ, নেপালী সাহিত্যসভাৰ লগতে গোলাঘাটবাসী ৰাইজৰ সহযোগত উত্তাল কৰি তুলিছে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত।  অসমৰ খিলঞ্জীয়া গোৰ্খা সকলৰ নাম চূড়ান্ত এনআৰচিৰ পৰা কৰ্তন কৰাৰ প্ৰতিবাদত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে। অসমৰ ১.৫ লাখ গোৰ্খা লোকৰ নাম এনআৰচিৰ পৰা কৰ্তন কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰি বিনাচৰ্তে এই লোকসকলক এনআৰচিত নাম অন্তভূক্ত কৰিবলৈ দাবী জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।