চাছৰাত নৃশংস হত্যাকাণ্ড

 09/27/2019 - 17:12

বাঘবৰঃ বাঘবৰ থানাৰ অন্তৰ্গত সত্ৰকনৰা বজাৰৰ পূৱ দিশত অৱস্থিত ১নং চাছৰা গাঁৱৰ এজন ব্যক্তিক নিশা হানি খুচি নৃশংসভাৱে হত্যা কৰা কাৰ্যত সমগ্ৰ অঞ্চলত এক তীব্ৰ চাঞ্চল্যৰ লগতে প্ৰতিক্ৰিয়া‌ৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণীমতে গাঁৱৰ জাবেদ আলীৰ পুত্ৰ পশ্চিম মন্দিয়া সমবায় সমিতিৰ এজেণ্ট আবু বাক্কাৰ ছিদ্দিক দুপৰ নিশা শুই থকা অৱস্থাত কোনোবা দুৰ্বৃত্ত‌ই ঘৰৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়া‌ত গৰমত সাৰ পাই দৰ্জা খুলি ওলাই আহে।

 ব্যক্তি‌জনে দৰ্জাখুলি ওলাই অহাত তেওঁৰ হাতত থকা টৰ্চ‌টো দুৰ্বৃত্ত‌ই কাঢ়ি নিয়ে আৰু ডেগাৰেৰে বুকু, পেট, মূৰ আদিত উধাই মুধাই হানি খুচি থৈ দুৰ্বৃত্ত‌ৰ দলটোৱে পলায়ণ কৰে। বুকু, পেট, মূৰ আদিত অচিনাকি দুৰ্বৃত্ত‌ই উধাই মুধাই হনাত প্ৰচণ্ড ৰক্তক্ষৰণ হোৱা অৱস্থা‌ত ব্যক্তি‌জনক ততালিকে মন্দিয়া আদৰ্শ হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে ব্যক্তি‌জনক মৃত বুলি ঘোষণা কৰে।

  ব্যক্তি‌জনৰ মৃতদেহ সম্প্ৰতি মন্দিয়া আৰক্ষী চকীত ৰখা হৈছে আৰু মৰুণোত্তৰ পৰীক্ষা‌ৰ বাবে প্ৰেৰণ কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ইতিমধ্যে মৃত ব্যাক্তিজনৰ শিক্ষয়িত্ৰী পত্নীয়ে মন্দিয়া আৰক্ষী চকীত অজ্ঞাত দুৰ্বৃত্ত‌ৰ বিৰুদ্ধে এটি গোচৰ ৰুজু কৰিছে। আমছুৰ স্থানীয় নেতৃত্ব পশ্চিম মন্দিয়া সমবায় সমিতিৰ সভাপতি আয়নাল হকসহ সমুহ সদস্য আৰু স্থানীয় ৰাইজে দুৰ্বৃত্ত‌ক অতিশীঘ্ৰে আটক কৰি দৃষ্টান্ত‌মূলক শাস্তি প্ৰদান‌ৰ দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।