কোকৰাঝাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত মাতৃ সন্মিলন

 09/28/2019 - 22:02

কোকৰাঝাৰঃ কোকৰাঝাৰ শংকৰদেৱ বিদ্যা নিকেতনত শনিবাৰে এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হয় মাতৃ সন্মিলন৷ মাতৃগোটৰ সভানেত্ৰী ৰেখা দেৱীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত সেৰফাংগুৰি জনতা মহাবিদ্যালয়ৰ অধ্যাপিকা চিৰতি স্বৰ্গীয় মুখ্য অতিথিৰ ভাষণত বৰ্তমানৰ যুগত সন্তান সকলক সময়ৰ লগত খাপ খুৱাই আগুৱাই নিবলৈ মাতৃ সকলোক আহ্বান জনায়৷ প্ৰয়োজন সাপেক্ষে মাতৃ সকলো সন্তানৰ লগত অধ্যয়ন কৰিব লাগিব৷ সন্তানক শিক্ষাৰ লগতে সুনাগৰিক হিচাবে কেনেদৰে গঢ়ি তুলিব পাৰি এইক্ষেত্ৰতো গুৰুত্ব দিবলৈ মাতৃসকলক আহ্বান জনায়৷

নিৰ্দিষ্ট বক্তাৰ ভাষণত কোকৰাঝাৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী হিমানী দেবী, কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ স্বাস্থ্য পৰামৰ্শদাতা প্ৰীতিৰেখা তালুকদাৰে সন্তানৰ ক্ষেত্ৰত মাতৃৰ ভূমিকা সম্পৰ্কে বহলাই সাৰুৱা ভাষণ দিয়ে৷ ইয়াৰ পাছত আচাৰ্য্য সুৰভি দুৱৰী ফুকন, অভিভাৱকা পাপৰি বৰা আৰু মনালিছা শৰ্মাই বক্তব্য আগবঢ়ায়৷ আচাৰ্য্য দিব্যজ্যোতি হাজৰিকাই আঁত ধৰা সভাখনত অভিভাৱিকা, ছাত্ৰ-ছাত্ৰী সকলে গীত নৃত্য পৰিবেশন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।