এবাৰ ব্যৱহাৰ্য প্লাষ্টিক আৱৰ্জনা মুক্ত ভাৰতবৰ্ষ" গঢ়াৰ উদ্দেশ্যৰে উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত 'চিপেট' ৰ সজাগতা সভা

 09/30/2019 - 18:18

উত্তৰ গুৱাহাটীঃ সোমবাৰে Central Institute of plastics engineering and technology (CIPET) চাংসাৰি গুৱাহাটীৰ উদ্যোগত শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীত "এবাৰ ব্যৱহাৰ্য প্লাষ্টিক আৱৰ্জনা মুক্ত ভাৰতবৰ্ষ" বিষয়বস্তুৰ ওপৰত সজাগতা সৃষ্টিৰ উদ্দেশ্য আগত ৰাখি ছবি অকা আৰু পোষ্টাৰ লিখন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।

উক্ত অনুষ্ঠানত চিআইপিইটি ৰ সঞ্চালক কমলজিত গাহ, সহকাৰী প্ৰ্শাসনিক বিষয়া উত্তম বৰুৱা উপস্থিত থাকে। উপপ্ৰধান আচাৰ্য জগদীশ শৰ্মাই সঞ্চালনা কৰা সভাত পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে ১ ম পুৰস্কাৰ চাজ্জাদ হুছেইন, ২ য় পুৰস্কাৰ কৃশাংগী বৰুৱা, তৃতীয় পুৰস্কাৰ কংকণ ডেকা, আৰু নিচুকনি বঁটা পায় ভায়োলিনা বৰুৱা, শ্যামন্তিকা বৰুৱা, ময়ুৰী দাস।

পুৰস্কাৰ বিতৰণ অনুষ্ঠানৰ পিছতে ছাত্র-ছাত্ৰীসকলক Project ৰ সহায়ত ভিডিঅ কৰি প্ৰদৰ্শন কৰি প্লাষ্টিক মুক্ত পৰিবেশ গঢ়িবলৈ আহ্বান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।