প্ৰকৃতিৰ কাল ৰূপঃ কাছাৰত বিধ্বংসী ধুমুহাত ২ মহিলাৰ মৃত্যু

 04/09/2019 - 13:46

শিলচৰঃ ৰাজ্যৰ ঠায়ে ঠায়ে প্ৰকৃতিয়ে ধাৰণ কৰিছে সংহাৰী ৰূপ।

কাছাৰ জিলাত সোমবাৰে পুৱা অহা বিধ্বংসী ধুমুহা আৰু বজ্ৰপাতৰ ফলত দুগৰাকী মহিলাৰ মৃত্যু হােৱাৰ লগতে কেইবাজনাে লােক গুৰুতৰভাৱে আহত হয়।

পুৱা সাত বজাত অহা ধুমুহা আৰু ঢেৰকনিৰ সময়ত কঁঠালগাঁও পঞ্চায়তৰ সবিতা দাস আৰু কাটিগৰা সমষ্টিৰ যােগমায়া দাস নামৰ দুগৰাকী মহিলাৰ মৃত্যু হয়।

ইপিনে, শিলচৰৰ সমীপৰ সন্ন্যাসী টিলাত মাম্পী দাস আৰু লক্ষীপুৰৰ মনােজিত দাস নামৰ দুই যুৱক-যুৱতী গুৰুতৰভাৱে আহত হয়। এই ধুমুহাৰ ফলত কাছাৰ জিলাৰ ৪খন গাঁৱৰ ২২টা ঘৰ তচনচ হৈ যায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।