সৃজনগ্ৰাম উন্নয়নখণ্ডৰ কাৰ্যালয়ত ঠিকাভিত্তিক নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলৰ প্ৰতিবাদ

 10/01/2019 - 19:36

অভয়াপুৰীঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ঠিকাভিত্তিক নিযুক্ত কৰ্মচাৰীসকলে মঙলবাৰৰ পৰা সমগ্ৰ ৰাজ্যৰ লগতে বঙাইগাঁও জিলাৰ অভয়াপুৰী সৃজনগ্ৰামতো পাঁচ দিনীয়াকৈ পালন কৰিছে কৰ্মবিৰতি কাৰ্যসূচী। সৃজনগ্ৰাম উন্নয়নখণ্ডৰ কাৰ্যালয়ত ঠিকাভিত্তিক নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলে সাব্যস্ত কৰে প্ৰতিবাদ।

তেওঁলোকৰ চাকৰি সুনিশ্চিত কৰাৰ লগতে নিয়মীয়াকৰণ নোহোৱালৈকে নিয়মীয়া কৰ্মচাৰীসকলে পোৱা বেতনৰ সমহাৰত বেতন দিয়া, নিয়মীয়া কৰ্মচাৰীসকলে চৰকাৰৰ পৰা পোৱা সকলো সা-সুবিধা ঠিকাভিত্তিক নিযুক্ত কৰ্মচাৰীসকলে যাতে লাভ কৰে তাৰেই প্ৰতিবাদত কৰ্মবিৰতি কাৰ্যসূচী পালন কৰি অৱস্থান ধৰ্মঘট কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।