কাকপথাৰৰ মাইথং গাঁৱত নিশা উত্তপ্ত পৰিস্থিতি

 10/03/2019 - 12:04

কাকপথাৰঃ কাকপথাৰ থানাৰ আৰক্ষীৰ গাড়ী চালক দিলীপ সিঙক পৰপত্নীৰে অসামাজিক কাৰ্যত লিপ্ত থকা অৱস্থাত হাতে-লুটে আটক কৰি ৰাইজে সোধালে উত্তম মাধ্যম৷ কাকপথাৰ থানাৰ নাকা চেকিঙৰ পৰা নিশা সংগোপনে এচ৩০-৭৭৫৪ নম্বৰৰ আৰক্ষীৰ বাহনলৈ গৈ কাকপথাৰ মাইথং গাঁৱৰ এগৰাকী বিবাহিতা মহিলাৰ সৈতে সুৰাপান আৰু অনৈতিক কাৰ্যত লিপ্ত থকা অৱস্থাত ৰাইজে আটক কৰে দিলীপ সিঙক৷

কৰ্মসুত্ৰে মহিলা গৰাকীক স্বামী চেন্নাইত থকাৰ সুযোগ লৈ দুয়ো দীৰ্ঘদিনে অবৈধ সম্পৰ্ক গঢ়ি তুলিছিল৷ গণপ্ৰহাৰত ধাৰাশায়ী হোৱা দিলীপ সিঙক সম্প্ৰতি আৰক্ষীয়ে আহত অৱস্থাত উদ্ধাৰ কৰিছে৷ উত্তেজিত ৰাইজে উচ্চিত বিচাৰৰ দাবীত পৰিস্থিতি উত্তপ্ত কৰি ৰাখিছে৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত আৰক্ষীৰ লোক মোতায়েন কৰা হৈছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।