বৃটিচ কালৰ পৰা আয়োজন কৰা গোলাঘাটৰ বৰজান চাহ বাগিচাৰ অষ্টমী পূজা

 10/06/2019 - 15:17

গোলাঘাটঃ আজি মহা অষ্টমী। ৰাজ্যৰ চৌদিশে উখল মাখল পৰিবেশ। ব্যতিক্ৰম নহয় চাহ বাগিচা অঞ্চলৰো পূজা মণ্ডপ সমূহ।

আৰু চাহ বাগিচাৰ পূজা বুলি ক’লে প্ৰতিবছৰে এক সুকিয়া পৰিবেশ সৃষ্টি হয়। ঢাক ঢোলৰ মাজেৰে পূজাৰীৰ মন্ত্ৰ উচ্চাৰণত বৈকুণ্ঠ ধামলৈ পৰিণত হৈছে পূজা মণ্ডপ।

বৃটিচ কালৰে পৰা আয়োজন বৰজানৰ এই পূজা মণ্ডপত অষ্টমীৰ দিনাই পূৱাৰে পৰা অগনন ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হয়।

ধূপ ধূনা সৰাই ন-বৈদ‍্য আগবঢ়াই নিজৰ মঙ্গল কামনা কৰে সকলোৱে। পূজাৰ লগত সংগতি ৰাখি আয়োজক সমিতিয়ে মহিলা আৰু কন কন শিশু সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।