উপায়ুক্তৰ কাৰ্যালয়ৰ বিভিন্ন কৰ্মচাৰীৰ নাম লৈ একাংশ দুষ্টচক্ৰই সংঘটিত কৰিছে দূৰ্নীতি

 10/10/2019 - 12:03

পূৱ বৰপেটাঃ দূৰ্নীতিৰ বিৰুদ্ধে শূন্যসহনশীল বুলি দাবী কৰা চৰকাৰখনৰ দিনত প্ৰকৃততে দূৰ্নীতি নিৰ্মূল হৈছে নে? এতিয়া এয়াই হৈছে ডাঙৰ প্ৰশ্ন। বৰপেটা জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ বিভিন্ন কৰ্মচাৰীৰ নাম লৈ একাংশ দুষ্ট চক্ৰই সংঘটিত কৰিছে দূৰ্নীতি। বিগত ২০ দিন ধৰি হাবাথুৰি খাৱ লগা হ'ল টকা নিদিয়া বাবে।

চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত মহৰীৰ কাম কৰা চেলিম আজাদ ঘৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বালাপাৰা গাঁৱত। প্ৰশ্ন হয় চেঙা ৰাজহ চক্ৰ বিষয়াৰ ছত্ৰছায়াতে চলিছে নেকি এনেবোৰ কুকাৰ্য। এইগৰাকী লোকে বিভিন্নজনৰ পৰা উপায়ুক্তৰ কাৰ্যালয়ৰ বিভিন্ন কৰ্মচাৰীৰ নাম লৈ ভয়-ভাবুকিৰে সংগ্ৰহ কৰে উৎকোচ। অফিচত টকা নিদিলে কাম নহয় বুলি কয় চেলিম আজাদে।

বুধবাৰে ফজৰ আলী নামৰ যুৱক এজনৰ পৰা জন্মৰ প্ৰমাণ পত্ৰ শুধৰণিৰ নামত এহেজাৰ টকাৰ উৎকোচ লয় চেলিম আজাদে। উপায়ুক্তৰ কাৰ্যালয়ত চলি আছে নেকি এনেধৰণৰ দূৰ্নীতি? এই লৈ সচেতন মহলৰ মাজত সৃষ্টি হৈছে প্ৰশ্নৰ?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।