দেশ কঁপোৱা বিশ্বনাথ কাণ্ডক লৈ ইউ জি ব্ৰহ্মৰ প্ৰতিক্ৰিয়া

 04/10/2019 - 13:30

কোকৰাঝাৰঃ সমগ্ৰ দেশ জোঁকাৰি যোৱা বিশ্বনাথ চাৰিআলিৰ ঘটনাটোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে দেশৰ কেইবাগৰাকীও ৰাজনৈতিক নেতাৰ লগতে চেলীব্ৰেটীয়ে।

হাইদৰাবাদৰ সাংসদ আছাদউদ্দিন ৱাইছিৰ পৰা বলীউড অভিনেতা আজাজ খানলৈকে এই ঘটনাক ধিক্কাৰ দিছে। ৰাজ্যতো এই বৰ্বৰ ঘটনাক একমুখে গৰিহনা দিছে সচেতন ৰাইজে।

বিশেষকৈ বিটিএডিৰ ৰাজনৈতিক দল ইউপিপিএল-ৰ নেতা তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মই এই ঘটনাক দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে। তেওঁ জনসাধাৰণক অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায়।

বিশ্বনাথ কাণ্ডক লৈ যাতে কোনেও অসমৰ সম্প্ৰীতি ধ্বংস কৰিব নোৱাৰে তাৰ বাবে ৰাইজক সচেতনতা অৱলম্বন কৰিবলৈ কয় ইউ জি ব্ৰহ্মই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।